নতুন শিক্ষা নীতিত নতুন কি আছে আপুনি জানেনে
কি আছে নতুন শিক্ষানীতি ২০২০ ত ? ৰাষ্ট্ৰীয় শিক্ষা নীতি এই বাৰৰ সৈতে মুঠ তিনিবাৰ সলনি কৰা হৈছে 1968, 1986 আৰু 2020 চনত ৷ 2020 চনৰ নতুন শিক্ষা নীতিয়ে বৰ্তমানে চলি থকা ১০+ ২ ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো ৫+৩+৩+৪ ত বিভক্ত কৰিব বিচাৰিছে। এই নীতিয়ে শিক্ষা ব্যৱস্থাটো 4 টা ভাগত ভাগ কৰিছে। প্ৰথম 5 বছৰ Foundational Stage, দ্বিতীয় 3 বছৰ Preparatory Stage, তৃতীয় 3 বছৰ Middle Stage আৰু চতুৰ্থ 4 বছৰ Secondary Stage ৷ প্ৰথম 5 বছৰক আকৌ দুটা ভাগত ভাগ কৰিছে ৷ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ বয়স 3-6 বছৰ লৈ Pre- Primary/ Anganwadi আৰু 6-8 বছৰলৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীলৈ ৷ উল্লেখযোগ্য যে এই 5 বছৰত কোনো পৰীক্ষা ব্যৱস্থা নাথাকিব ৷ দ্বিতীয় 3 বছৰ (age group 8 to 11 years) ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে থাকিব ৷ ইয়াতো কেৱল ৩য় আৰু ৫ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ইয়াত medium of instruction কেৱল Mother tongue/ local or regional ভাষাতহে হ'ব ৷ তৃতীয় 3 বছৰ (age group 12 to 14 years) ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ থাকিব ৷ ইয়াতো কেৱল ৮ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ 10 দিন Bag...