কঠালৰ লৈ আমি বহুত ধেমালি কৰিলোঁ কিন্তু এই কথা খিনি কিমানে জানে ভাল লাগিলে Share কৰিব

#কঠাল_গুটিৰ_পুষ্টিগুণ_আৰু_স্বাস্থ্য_জনিত_লাভঃ

   ফলৰ গছ হিচাবে কঠালেই পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গছ। কঠাল স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি সমৃদ্ধ এবিধ ফল বুলি প্ৰায় সকলোৱেই জানে। কিন্তু কঠালৰ গুটিও স্বাস্থ্যৰ বাবে বৰ মূল্যবান খাদ্য। ই শৰীৰ শক্তিশালী কৰাৰ লগতে দৃষ্টি শক্তিও বৃদ্ধি কৰে। কঠালৰ গুটি পুষ্টি গুণেৰে ভৰা এবিধ আহাৰ।

#কঠাল_গুটিৰ_খাদ্যমূল্য - প্ৰতি ১০০ গ্ৰাম গুটিত ১৪৫ কেলৰি, ৭ গ্ৰাম প্ৰটিন, ৩৮ গ্ৰাম কাৰ্বহাইড্ৰেট, ১.৫ গ্ৰাম ফাইবাৰ আৰু ১ গ্ৰামতকৈ কম চৰ্বি থাকে।

১. ইয়াত থকা মাইক্ৰনিউট্ৰিয়েন্ট্চ এ ছালৰ স্বাস্থ্য উন্নত কৰে। ইয়াৰ আইৰণ হিম'গ্লবিন আৰু লোহিত ৰক্ত কনিকা বৃদ্ধি কৰি ৰক্তহীণতা বা এনিমীয়া দূৰ কৰে। মহিলা সকলৰ বাবে ই এক অপৰিহাৰ্য আহাৰ।

২. কঠালৰ গুটিয়ে কোষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰি ফাইবাৰে পাচন সমস্যা সমাধান কৰে।

৩. ইয়াৰ ভিটামিন-এ ই দৃস্টস্বাস্থ্য উন্নত কৰে। ভিটামিন এৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।

৪. ইয়াৰ মেঙ্গানীজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।

৫. কঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে।পৰম্পৰাগত চিকিৎসাত কঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।

৬. ইয়াৰ প্ৰটীনে পেশী নিৰ্মাণত সহায় কৰে।আহাৰত কঠালৰ গুটি সংযোজন পেশী নিৰ্মাণকাৰী (শৰীৰ চৰ্চা বা বডি বিল্ডাৰ) সকলৰ বাবে দৰকাৰী।

৭. ৰিংকল্চ বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আচুঁৰ নিৰাময় কৰে। ইয়াৰ এন্টি-অক্সিডেন্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল্চ নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেস্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ছালৰ সংকোচন নোহোৱা হয়।

৮. মুখৰ ছাল উজ্বল কৰিবলৈ গুটিৰ বাকলি আৰু ভিতৰৰ খাকি ৰঙৰ ছাল পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেস্ট বনাই মুখত লেপিব। শুকালে কুহুমীয়া গৰম পানীৰে ধুব।

৯. ইয়াৰ ভিটামিন - এ ই চুলিৰ স্বাস্থ্য উন্নত কৰে। আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ স্বাস্থ্য উন্নত কৰে। মানসিক অৱসাদ দূৰ কৰে।

✍ #যোগেশ_দাস

যিমান পাৰে এই Post টো #Share কৰক যাতে আপোনালোকৰ আপোনজনেও গম পায় আৰু উপকৃত হ’ব পাৰে ৷৷৷






#Post টো কেনে পালে অনুগ্ৰহ কৰি #Comment ত জনাব...

Comments

Popular posts from this blog

নতুন শিক্ষা নীতিত নতুন কি আছে আপুনি জানেনে