নতুন শিক্ষা নীতিত নতুন কি আছে আপুনি জানেনে

কি আছে নতুন শিক্ষানীতি ২০২০ ত ?

ৰাষ্ট্ৰীয় শিক্ষা নীতি এই বাৰৰ সৈতে মুঠ তিনিবাৰ সলনি কৰা হৈছে 1968, 1986 আৰু 2020 চনত ৷ 2020 চনৰ নতুন শিক্ষা নীতিয়ে বৰ্তমানে চলি থকা ১০+ ২ ৰ পৰিৱৰ্তে শিক্ষা ব্যৱস্থাটো ৫+৩+৩+৪ ত বিভক্ত কৰিব বিচাৰিছে।

এই নীতিয়ে শিক্ষা ব্যৱস্থাটো 4 টা ভাগত ভাগ কৰিছে। প্ৰথম 5 বছৰ Foundational Stage, দ্বিতীয় 3 বছৰ Preparatory Stage, তৃতীয় 3 বছৰ Middle Stage আৰু চতুৰ্থ 4 বছৰ Secondary Stage ৷
প্ৰথম 5 বছৰক আকৌ দুটা ভাগত ভাগ কৰিছে ৷ অৰ্থাৎ ছাত্ৰ-ছাত্ৰীৰ বয়স 3-6 বছৰ লৈ Pre- Primary/ Anganwadi আৰু 6-8 বছৰলৈ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীলৈ ৷ উল্লেখযোগ্য যে এই 5 বছৰত কোনো পৰীক্ষা ব্যৱস্থা নাথাকিব ৷
দ্বিতীয় 3 বছৰ (age group 8 to 11 years) ৩য় শ্ৰেণীৰ পৰা ৫ম শ্ৰেণীলৈকে থাকিব ৷ ইয়াতো কেৱল ৩য় আৰু ৫ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ইয়াত medium of instruction কেৱল Mother tongue/ local or regional ভাষাতহে হ'ব ৷
তৃতীয় 3 বছৰ (age group 12 to 14 years) ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ থাকিব ৷ ইয়াতো কেৱল ৮ম শ্ৰেণীতহে বছেৰেকীয়া পৰীক্ষা হ'ব ৷ ৬ষ্ঠ ৰ পৰা ৮ম শ্ৰেণীলৈ 10 দিন Bagless period থাকিব য'ত local vocational expert এ পাঠদান কৰিব ৷ যেনে- carpenters, gardeners, potters, artist আদি ৷ আনহাতে ৬ষ্ঠ শ্ৰেণীৰ পৰা কোডিং বাধ্যতামূলক হ'ব আৰু বিদেশী ভাষাও introduce কৰা হ'ব ৷ য'ত জাৰ্মান, ফ্ৰেন্স আদি ভাষাও শিকিব পাৰিব, কিন্তু বাধ্যবাধকতা নাই ৷
   চতুৰ্থ 4 বছৰ (age group 14 to 18 years) ৯ম শ্ৰেণীৰ পৰা ১২শ শ্ৰেণীলৈ থাকিব ৷ ইয়াত Board exam বিলুপ্ত ঘটোৱা নাই ৷ ছাত্ৰ ছাত্ৰী সকলক নিজৰ ইচ্ছা অনুসৰি বিষয় নিৰ্বাচনৰ সুবিধা প্ৰদান কৰিছে ৷ অৰ্থাৎ multidisciplinary study provide কৰা হৈছে ৷ য'ত ছাত্ৰ বা ছাত্ৰী গৰাকীয়ে পূৰ্বৰ দৰে কলা, বিজ্ঞান আৰু বাণিজ্য যিকোনো এটা বিভাগ নিৰ্বাচন কৰাৰ পৰিৱৰ্তে বিজ্ঞান বিষয়ৰ লগত কলা নতুবা বাণিজ্যৰ বিষয়ও নিৰ্বাচন কৰি পঢ়িব পাৰিব ৷

• ডিগ্ৰী এতিয়াৰ পৰা তিনিবছৰৰ ঠাইত চাৰি বছৰীয়া হ'ব। কিন্তু কোনোবাই যদি এবছৰ পঢ়ি এৰি দিয়ে তাৰো স্বীকৃতি পাব। কিয়নো ১ বছৰ পঢ়িলে চাৰ্টিফিকেট পাব, ২বছৰ পঢ়িলে ডিপ্লমা, তিনি বছৰ পঢ়িল ডিগ্ৰী আৰু চাৰিবছৰ পঢ়িলে ডিগ্ৰীৰ সৈতে ৰিচাৰ্চ চাৰ্টিফিকেট পাব। কিমান বছৰ পঢ়ে সেয়া আপোনাৰ ইচ্ছা। পিজিৰ ক্ষেত্ৰতো ১ বছৰীয়া আৰু ২ বছৰীয়াৰ অপচন থাকিব।

•  সমগ্ৰ দেশত বিশ্ববিদ্যালয়ৰ নামভৰ্ত্তিৰ বাবে এটায়েই entrance হ'ব।

• এতিয়াৰ পৰা নাথাকিব m.phil পাঠ্যক্ৰম।

• HECI ক চাৰিটা ভাগত ভাগ কৰা হ'ব। National Higher Education Regulatory Council for regulation, Gene



ral Education Council to set standards, Higher Education Grants Council for funding and National Accreditation Council for accreditation.

                                                   #সপোন

Comments

Popular posts from this blog

কঠালৰ লৈ আমি বহুত ধেমালি কৰিলোঁ কিন্তু এই কথা খিনি কিমানে জানে ভাল লাগিলে Share কৰিব