মাটি আৰু কাঠৰ হিচাপ আমাৰ আজিৰ যুৱ সমাজত বহুতে নাজানে । এবাৰ পঢ়ি চাব
কিছু জানিবলগীয়া কথা, নাজানিলেও একো নাই কিন্তু কেতিয়াবা সমস্যাত পৰিব পাৰে 😂😂
মাটিৰ হিচাপ জনাতো অতিকৈ দৰকাৰী। সোণৰ দাম উঠা নমা হৈ থাকে। কিন্তু মাটিৰ দাম কোনোদিন নকমে অথচ সদায় বা বৃঘঢ়ি গৈ থাকে। বুঢ়া লোকে কয়, মাটিৰ সীমাত কলি থাকে। কোনেও এক ইঞ্চি মাটিও এনেয়ে এৰি নিদিয়ে। আমাৰ নেতা সকলেও জীয়াই থাকে মানে এচিকুট মাটিও বাংলাদেশক নিদিয়াৰ পণ লৈছিল। সেয়েহে মাটিৰ লেন দেনৰ বাবে সকলোৱে মাটিৰ জোখ-মাখৰ কমেও সাধাৰণ ধাৰণা খিনি জানিব লাগে। এচিকুট ঠাইত যদি আপুনি ক্ৰয় কৰা মাটি এক বৰ্গফুট বা এক বৰ্গ মিটাৰ কম ওলাই !!!
বহুতেই মাটি-বাৰী সম্পৰ্কীয় লেঠাত সোমাবলৈ ইচ্ছা নকৰে ৷ কিন্তু কেতিয়াবা কোনোবা এদিনতো ইয়াৰ মুখামুখি হ'বই লাগিব। গতিকে প্ৰথমতে থোৰতে মাটিৰ জোখৰ হিচাপটো আমি সহজ ভাষাত আলোচনা কৰোঁ আহক ৷ (জনাবোৰে নপঢ়িলেও হ’ব)
পুৰণি বা বৃটিছ পদ্ধতি - চৰকাৰীভাৱে অচল যদিও আমাৰ মাজত আজিও এই পদ্ধতিটোৱেই অধিক জনপ্ৰিয় ও প্ৰচলিত। এই নিয়মমতে-
12 ফুট = 1 নল
144 বৰ্গফুট = এক লেচা মাটি = 1 নল × 1 নল (মানে 12 ফুট × 12 ফুট বা 6 ফুট × 24 ফুট ইত্যাদি।)
20 লেচা = 1 কঠা = 20 × 144 = 2880 বৰ্গফুট,
100 লেচা = 5 কঠা = 1বিঘা = 100 × 144 = 14400 বৰ্গফুট,
গতিকে, 1 বিঘা = 14400 বৰ্গফুট,
আকৌ, 4 বিঘা = 1 পুৰা = 4 × 14400 = 57600 বৰ্গফুট,
এক একৰ = 3 বিঘা 2.5 লেচা,
এক হেক্টৰ = 107639.1042 বৰ্গফুট।
মনত ৰাখিব, হিচাপবোৰ ফুটত কৰা গৈছে যদিও বৰ্গমিটাৰলৈও নিব পাৰি। মনত ৰাখিলে হ'ল এক ফুট = 0.3048 মিটাৰ। এনেকৈ হিচাপ কৰিলে এক বিঘা মাটিত 1337.80 বৰ্গমিটাৰ হ'ব। অৰ্থাৎ 1337.80 বৰ্গমিটাৰ (37.576 মিটাৰ × 37.576 মিটাৰ) মাটি মানেও এক বিঘা মাটি।
উদাহৰণঃ ধৰা হ'ল প্ৰথম চিত্ৰত দিয়াৰ দৰে এডোখৰ মাটিৰ পূৱ দিশৰ দৈৰ্ঘ্য 60 ফুট, উত্তৰ দিশৰ দৈৰ্ঘ্য 20 ফুট, পশ্চিম দিশৰ দৈৰ্ঘ্য 50 ফুট আৰু দক্ষিণ দিশৰ দৈৰ্ঘ্য 40 ফুট। মাটি কিমান আছে আমি উলিয়াব পাৰো এনেকৈ -
পূৱ আৰু পশ্চিমৰ দৈৰ্ঘ্যৰ গড়...
=> (60+50)÷2 = 55 ফুট
তেনেকৈ, উত্তৰ আৰু দক্ষিণৰ দৈৰ্ঘ্যৰ গড়...
=> (40+20)÷2 = 30 ফুট
এতিয়া, মাটিখিনিৰ কালি = 55×30= 1650 বৰ্গফুট
আমি যদি লেচালৈ নিব লাগে 144 ৰে হৰণ কৰি দিলেই হ'ল। গতিকে মুঠ মাটি হ'ব = 1650÷144 = 11.45 লেচা
গতিকে মুঠ মাটি হ'ল= 11 লেচা 65 বৰ্গফুট (যিহেতু .45×144=65).
চৰকাৰী পদ্ধতি বা মেট্ৰিক পদ্ধতি - এইটো চৰকাৰীভাৱে এতিয়া প্ৰচলন গৈ থকা পদ্ধতি। এই পদ্ধতিমতে-
100 বৰ্গ মিটাৰ = 1 আৰ্ = 100 চেন্টিআৰ্
উদাহৰণ হিচাপে যদি আমি এক পুৰা মাটিক চৰকাৰী হিচাপত নিব লাগে, তেতিয়াহ'লে -
প্ৰথমতে 1 পুৰাক বৰ্গফুটলৈ নিব লাগিব ৷ তাৰ পিছত সিমান বৰ্গফুটক বৰ্গ মিটাৰত কিমান হ’ব হিচাপ কৰিব লাগিব ৷
এই পদ্ধতিত এক লেচা মাটি = 0.134 আৰ্
দহ লেচা = 1.34 আৰ্
পোন্ধৰ লেচা = 2.01 আৰ্
এক কঠা = 2.68 আৰ্
এক বিঘা = 13.4 আৰ্ ইত্যাদি।।
#কাঠৰ_হিচাপ
কাঠৰ জোখৰ অন্যতম একক(ইউনিট) হ'ল কেবি (KB)। মাটিৰ হিচাপৰ দৰে কাঠৰ হিচাপ জনাটোও খুবেই দৰকাৰী। আমি যদি দোকানত কাঠ কিনিব যাওঁ কি হিচাপত কিনিম? যদি কাঠৰ পইচা দিওঁ, কিহৰ হিচাপত দিম? এই সকলোবোৰ আমি আলোচনা কৰাৰ চেষ্টা কৰিম। দ্বিতীয় চিত্ৰত দিয়াৰ দৰে কাঠ এডাল ত্ৰিমাত্ৰিক (three dimension)। চিত্ৰত দিয়াৰ দৰে সেই তিনিটা অংশ হ'ল - কাঠডালৰ দৈৰ্ঘ্য(length), কাঠডালৰ প্ৰস্থ(breadth)আৰু কাঠডালৰ উচ্চতা (height)। প্ৰস্থ আৰু উচ্চতা বেছিভাগ ইঞ্চিত থাকে আৰু দৈৰ্ঘ্য সাধাৰণতে ফুটত ধৰা হল। কাৰণ, প্ৰস্থ আৰু উচ্চতাক ফুটত লিখিলে বহুত সৰু মান হয়, আকৌ দৈৰ্ঘ্যক ইঞ্চিত লিখিলে বহুত ডাঙৰ মান এটা পোৱা যায়।গতিকে বহু লোকে সাধাৰণতে তেনেকৈ অংকটো নকৰে। এতিয়া আহক কাঠৰ জোখ কেবি কেনেকৈ উলিওৱা হয় সম্পূৰ্ণ ঘৰুৱা ভাষাত আলোচনা কৰোঁ-
নিয়মঃ যদি কাঠডালৰ দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা পূৰণ কৰিলে 144 পোৱা যায় তেতিয়া হলে কাঠডাল 1 কেবিৰ হ'ব।
অৰ্থাৎ, 1কেবি = দৈৰ্ঘ্য(ফুট) × প্ৰস্থ(ইঞ্চি) × উচ্চতা(ইঞ্চি) = 144
144 তকৈ বেচি হোৱা মানে 1 কেবিতকৈ বেচি, কম মানে 1 কেবিতকৈ কম।
উদাহৰণ স্বৰূপে 2 ইঞ্চি প্ৰস্থ, 3 ইঞ্চি উচ্চতা (2 by 3) আৰু 24 ফুট দৈৰ্ঘ্যৰ কাঠ এডাল 1 কেবিৰ হ'ব।(কাৰণ, 2×3×24=144)। তেনেকুৱা 20 ডাল কাঠৰ জোখ 20 কেবি হ'ব।।।
তেনেকৈ 4 ইঞ্চি প্ৰস্থ, 4 ইঞ্চি উচ্চতা (4 by 4) আৰু 9 ফুটৰ কাঠ এডালো 1 কেবিৰ হ'ব।( কাৰণ, 4×4×9=144)।
ঠিক একেদৰে আমি যদি তক্তা এখন লওঁ, যিখনৰ দৈৰ্ঘ্য = 6ফুট, প্ৰস্থ = 12 ইঞ্চি, উচ্চতা = 2 ইঞ্চি (যি কাঠৰ প্ৰস্থ বেছি, উচ্চতা কম তাকেই আমি তক্তা বোলো)। তেতিয়া তক্তা খনও 1 কেবিৰ হ'ব।( কাৰণ, 12×2×6=144)।
আমি কৈছো যে কাঠডালৰ দৈৰ্ঘ্য ফুটত থাকে। আমি ফুটক ইঞ্চিলৈ নিও হিচাপটো কৰিব পাৰো।আমি জানো যে -
1ফুট = 12 ইঞ্চি
12 ফুট = 144 ইঞ্চি
গতিকে, 1কেবি = 12×144 = 1728 ইঞ্চি।
তাৰমানে 1 কেবি কাঠ হ'বলৈ 1728 ঘন ইঞ্চি(ইঞ্চি×ইঞ্চি×ইঞ্চি) হ'বই লাগিব। দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা যিকোনো হ'ব পাৰে কিন্তু তিনিওটা পূৰণ কৰিলে 1728 হ'বই লাগিব।
উদাহৰণ স্বৰূপে 2 ইঞ্চি প্ৰস্থ, 3 ইঞ্চি উচ্চতা (2 by 3) আৰু 24 ফুট( বা 24×12=288 ইঞ্চি) দৈৰ্ঘ্যৰ কাঠ এডাল 1 কেবিৰ হ'ব।( কাৰণ, 2×3×288 = 1728 ঘন ইঞ্চি)।
প্ৰশ্নঃ যদি এটা বাটাম (কাঠ এডাল) 4 ইঞ্চি প্ৰস্থৰ, 7 ইঞ্চি উচ্চতাৰ (4 by 7) আৰু 24 ফুট দৈৰ্ঘ্যৰ হয়, বাটামটো কিমান কেবিৰ হ'ব????
উত্তৰঃ
দৈৰ্ঘ্য(ফুট) × প্ৰস্থ(ইঞ্চি) × উচ্চতা(ইঞ্চি) = 4×7×24 = 672.
এতিয়া 672÷144 = 4.67 কেবি।
আজিৰ দিনত এক কেবি শাল কাঠৰ দাম প্ৰায় 1500 টকা। চেগুনৰ দাম প্ৰায় 1000 টকা। যদি আমাক 50 কেবি চেগুন কাঠ লাগে 50 ৰে 1000 ক পূৰণ কৰি দিলেই হ'ল।
বি.দ্ৰ.: - গোলাকাৰ কাঠ বা কুণ্ডাৰ হিচাপটো কিন্তু বেলেগ হ'ব। যিহেতু আমি সাধাৰণতেই কুণ্ডাৰ লগত বৰ বিশেষ কাম নকৰোঁ সেই হিচাপটো ইয়াত দি খোকোজা লগাব নিবিছাৰোঁ। দৰকাৰ হ'লে তলৰ তথ্যখিনি চাব পাৰে-
গোটা গা-গছ এটুকুৰা পাইপ হিচাপে যদি ধৰা যায় তেতিয়া গাণিতিক সুত্ৰমতে ইয়াৰ আয়তন = পাই × ব্যাসাৰ্ধৰ বৰ্গ × উচ্চতা বা দীঘ
আৰু ইয়াৰ পৰিধি = ২ × পাই × ব্যাসাৰ্ধ
এতেকে ব্যাসাৰ্ধ = পৰিধি ÷ (২ * পাই)
যিহেতু আয়তন = পাই × ব্যাসাৰ্ধৰ বৰ্গ × উচ্চতা
= পাই × পৰিধি ÷ (২ ×পাই)ৰ বৰ্গ × দীঘ
= পৰিধিৰ বৰ্গ ÷ (4×পাই) × দীঘ
= (পৰিধিৰ বৰ্গ * দীঘ) ÷ 4 × পাই
আৰু সৰলতম কৰিলে হ'ব...
= [( ইঞ্চিত গোলাই * গোলাই) * ইঞ্চিত দীঘ] ÷ 12.56 ঘন ইঞ্চি।
ইয়াক 1728 ৰে হৰণ কৰিলে ঘনফুট বা কেবি পোৱা যাব।
যদি টুকুৰাটোৰ আগ আৰু গুৰিৰ পৰিধি বেলেগ নাইবা টুকুৰাটো সম্পূৰ্ণ গোলাকাৰ নহয় তেতিয়া ইয়াৰ আয়তন বেলেগ হ'ব আৰু তাৰবাবে বেলেগ সুত্ৰ ব্যৱহাৰ হ'ব।
উৎসঃ Sisir Kr Rajbongshi

ধন্যবাদ ।
ReplyDelete